ছূৰা 30 · জুজ 21
Ar-Rum · 30:31
۞ مُنِيبِينَ إِلَيْهِ وَاتَّقُوهُ وَأَقِيمُوا الصَّلَاةَ وَلَا تَكُونُوا مِنَ الْمُشْرِكِينَ
তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
তাফছীৰ
তোমালোকে নিজৰ গুনাহৰ পৰা তাওবা কৰি পৱিত্ৰ আল্লাহৰ ফালে উভতি আহা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰা। তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি স্বভাৱগত ধৰ্মৰ বিৰোধিতা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক