ছূৰা 30 · জুজ 21
Ar-Rum · 30:37
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
তাফছীৰ
সিহঁতে লক্ষ্য নকৰে নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে; ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাক পৰীক্ষা কৰা, সি আল্লাহৰ কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে তেওঁ যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হৈ ক্ৰোধান্বিত হয়? কিছুমানৰ জীৱিকা প্ৰশস্ত কৰা আৰু কিছুমানক সংকীৰ্ণ কৰি দিয়া বিষয়টোত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আল্লাহৰ কৃপা আৰু অনুগ্ৰহৰ প্ৰমাণ নিহিত হৈ আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক