ছূৰা 30 · জুজ 21

Ar-Rum · 30:22

وَمِنْ آيَاتِهِ خَلْقُ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافُ أَلْسِنَتِكُمْ وَأَلْوَانِكُمْ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِلْعَالِمِينَ

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।

তাফছীৰ

তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তোমালোকৰ বিবিধ ভাষা আৰু নানা তৰহৰ ৰং আদিও এটা ইয়াৰ প্ৰতীক। উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে দলিল আৰু প্ৰমাণ আছে, যিসকল প্ৰকৃততে জ্ঞানী তথা বিবেকৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক