ছূৰা 30 · জুজ 21
Ar-Rum · 30:23
وَمِنْ آيَاتِهِ مَنَامُكُمْ بِاللَّيْلِ وَالنَّهَارِ وَابْتِغَاؤُكُمْ مِنْ فَضْلِهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَسْمَعُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।
তাফছীৰ
বিভিন্ন পৰিশ্ৰমত ক্লান্তিৰ পিছত ৰাতিৰ টোপনি আৰু দিনৰ বিশ্ৰাম আদিও তেওঁৰ ক্ষমতা আৰু তাওহীদৰ এটা অন্যতম ডাঙৰ প্ৰতীক। তেওঁৰ আন এটা প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকৰ বাবে দিন সৃষ্টি কৰিছে, যাতে তাত তোমালোকে নিজ প্ৰতিপালকে দিয়া জীৱিকাসমূহ অনুসন্ধান কৰিব পাৰা। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলে চিন্তা-চৰ্চা কৰে তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে মনোযোগ সহকাৰে শুনে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক