ছূৰা 30 · জুজ 21
Ar-Rum · 30:21
وَمِنْ آيَاتِهِ أَنْ خَلَقَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا لِتَسْكُنُوا إِلَيْهَا وَجَعَلَ بَيْنَكُمْ مَوَدَّةً وَرَحْمَةً ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।
তাফছীৰ
এইদৰেই তেওঁৰ ক্ষমতা আৰু তাওহীদৰ আৰু এটা অন্যতম প্ৰতীক হৈছে এই যে, হে পুৰুষসকল! তেওঁ তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই সহধৰ্মিণী সৃষ্টি কৰিছে। যাতে সজাতি হোৱাৰ কাৰণে তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰিব পাৰে। সিহঁতৰ আৰু তোমালোকৰ মাজত সৃষ্টি কৰি দিছে মুহাব্বত আৰু দয়া। নিশ্চয় এইবোৰৰ মাজত সেইসকল লোকৰ বাবে বহুতো স্পষ্ট প্ৰমাণ আৰু নিৰ্দেশনা আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই নিজৰ বিবেকৰ সদ্ব্যৱহাৰ কৰি উপকৃত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক