ছূৰা 3 · জুজ 4

Ali 'Imran · 3:99

قُلْ يَا أَهْلَ الْكِتَابِ لِمَ تَصُدُّونَ عَنْ سَبِيلِ اللَّهِ مَنْ آمَنَ تَبْغُونَهَا عِوَجًا وَأَنْتُمْ شُهَدَاءُ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ

কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই সাক্ষী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।

তাফছীৰ

হে নবী আপুনি কওঁক, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে মুমিনসকলক আল্লাহৰ পথৰ পৰা কিয় বিৰত ৰাখা? তোমালোকে বিচৰা নেকি যে, আল্লাহৰ ধৰ্ম সত্যৰ পৰা অসত্যলৈ আৰু মুমিনসকল হিদায়তৰ পৰা ভ্ৰষ্টতালৈ উভতি যাওক। কিয়নো তোমালোকেও জানা যে, এই ধৰ্মই সত্য ধৰ্ম আৰু তোমালোকৰ পুথিত থকা সংবাদককো সমৰ্থন কৰে। আল্লাহে তোমালোকৰ কুফৰৰ পৰা আৰু মানুহক সত্যৰ পৰা বিৰত ৰখা কাৰ্যৰ পৰা অমনোযোগী নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব’।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক