ছূৰা 3 · জুজ 3
Ali 'Imran · 3:90
إِنَّ الَّذِينَ كَفَرُوا بَعْدَ إِيمَانِهِمْ ثُمَّ ازْدَادُوا كُفْرًا لَنْ تُقْبَلَ تَوْبَتُهُمْ وَأُولَٰئِكَ هُمُ الضَّالُّونَ
নিশ্চয় যিসকলে ঈমান আনাৰ পিছত কুফৰী কৰিছে, তাৰ পিছত সিহঁত কুফৰী কাৰ্যত বাঢ়ি গৈছে সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই পথভ্ৰষ্ট।
তাফছীৰ
যিসকলে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে আৰু সেই কুফুৰীতে মৃত্যুক সাৱটি লৈছে, এতেকে মৃত্যু উপস্থিত হোৱাৰ পিছত তাৰ তাওবা কেতিয়াও গ্ৰহণযোগ্য নহ'ব, কিয়নো তেতিয়া তাওবাৰ সময় সমাপ্ত। এইসকল লোকেই আল্লাহৰ পোন পথৰ পৰা পথভ্ৰষ্ট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক