ছূৰা 3 · জুজ 3
Ali 'Imran · 3:91
إِنَّ الَّذِينَ كَفَرُوا وَمَاتُوا وَهُمْ كُفَّارٌ فَلَنْ يُقْبَلَ مِنْ أَحَدِهِمْ مِلْءُ الْأَرْضِ ذَهَبًا وَلَوِ افْتَدَىٰ بِهِ ۗ أُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ وَمَا لَهُمْ مِنْ نَاصِرِينَ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপ প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।
তাফছীৰ
যিসকলে কুফুৰী কৰিছে আৰু সেই কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, যদি সিহঁতে জাহান্নামৰ পৰা মুক্তিৰ বাবে পৃথিৱীৰ সমান সোণ সংগ্ৰহ কৰি প্ৰদান কৰে তথাপিও সেয়া গ্ৰহণ নকৰা নহ'ব। আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি লগতে কিয়ামতৰ দিনা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক