ছূৰা 3 · জুজ 3
Ali 'Imran · 3:86
كَيْفَ يَهْدِي اللَّهُ قَوْمًا كَفَرُوا بَعْدَ إِيمَانِهِمْ وَشَهِدُوا أَنَّ الرَّسُولَ حَقٌّ وَجَاءَهُمُ الْبَيِّنَاتُ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান আনাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত আৰু সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰী কৰে? আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
তাফছীৰ
আল্লাহে তেওঁৰ নিজৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ সেইসকল লোকক কেনেকৈ তাওফীক দিব যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পিছত তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক সত্য বুলি স্বীকৃতি দিয়াৰ পিছত পুনৰ কাফিৰ হৈ গৈছে। অথচ সিহঁতৰ ওচৰত ইয়াৰ সত্যতাৰ সকলো স্পষ্ট নিদৰ্শন আহি পৰিছিল? আল্লাহে এনেকুৱা অত্যাচাৰী সম্প্ৰদায়ক ঈমানৰ তাওফীক নিদিয়ে, যিসকলে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা অৱলম্বন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক