ছূৰা 3 · জুজ 3
Ali 'Imran · 3:85
وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব।
তাফছীৰ
যিয়ে সেই ধৰ্মৰ বাহিৰে আন কোনো ধৰ্ম অনুসন্ধান কৰিব, যি ধৰ্মক আল্লাহে মনোনীত কৰিছে, আৰু সেয়া হৈছে- ইছলাম ধৰ্ম- এনে ব্যক্তিৰ পৰা আল্লাহে সেই ধৰ্মক কেতিয়াও স্বীকাৰ নকৰিব, আৰু সি আখিৰাতত জাহান্নামত প্ৰৱেশ কৰি নিজৰে ক্ষতিসাধন কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক