ছূৰা 3 · জুজ 3

Ali 'Imran · 3:81

وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ النَّبِيِّينَ لَمَا آتَيْتُكُمْ مِنْ كِتَابٍ وَحِكْمَةٍ ثُمَّ جَاءَكُمْ رَسُولٌ مُصَدِّقٌ لِمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِ وَلَتَنْصُرُنَّهُ ۚ قَالَ أَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَىٰ ذَٰلِكُمْ إِصْرِي ۖ قَالُوا أَقْرَرْنَا ۚ قَالَ فَاشْهَدُوا وَأَنَا مَعَكُمْ مِنَ الشَّاهِدِينَ

আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।

তাফছীৰ

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে সকলো নবীৰ পৰা এই কথা কৈ দৃঢ় অঙ্গীকাৰ লৈছিল যে, মই তোমালোকক যি পুথিয়ে প্ৰদান নকৰো কিয়, যিমান হিকমতেই দান নকৰো কিয়, আৰু যিমানেই সন্মান, প্ৰতিষ্ঠা আৰু পদ প্ৰদান নকৰো কিয়, যেতিয়া তোমালোকৰ ওচৰত মোৰ ফালৰ পৰা এজন নবী আহিব (ইয়াত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা হৈছে) যিজনে তোমালোকৰ ওচৰত থকা পুথি আৰু হিকমতৰ সমৰ্থন কৰে তেন্তে তোমালোকে অৱশ্যে তেওঁৰ কথা মানিবা আৰু তেওঁৰ অনুসৰণকাৰী হৈ তেওঁক সহায় কৰিবা। হে নবীসকল! তোমালোকে এইটো স্বীকাৰ কৰিলানে আৰু মোৰ এই দৃঢ় অঙ্গীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে উত্তৰ প্ৰদান কৰি কলেঃ আমি এইটো স্বীকাৰ কৰিলো। আল্লাহে কলেঃ তোমালোকে নিজৰ বাবে আৰু তোমালোকৰ উম্মতৰ বাবে সাক্ষী হৈ থাকা লগতে ময়ো তোমালোকৰ আৰু সিহঁতৰ সাক্ষী হৈ ৰ’লো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক