ছূৰা 3 · জুজ 3

Ali 'Imran · 3:80

وَلَا يَأْمُرَكُمْ أَنْ تَتَّخِذُوا الْمَلَائِكَةَ وَالنَّبِيِّينَ أَرْبَابًا ۗ أَيَأْمُرُكُمْ بِالْكُفْرِ بَعْدَ إِذْ أَنْتُمْ مُسْلِمُونَ

  এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?

তাফছীৰ

এইদৰে তেওঁৰ বাবে এইটোও উচিত নহয় যে, তেওঁ তোমালোকক এই আদেশ দিব যে, তোমালোকে আল্লাহক এৰি ফিৰিস্তা আৰু নবীসকলক নিজৰ ৰব্ব বনাই লোৱা আৰু তেওঁলোকৰ উপাসনা কৰা। এইটো তেওঁৰ বাবে বৈধ হ'বনে যে, তোমালোকে ইছলাম গ্ৰহণ কৰাৰ পিছত আৰু আনুগত্য স্বীকাৰ কৰাৰ পিছত তেওঁ তোমালোকক কুফৰ কৰাৰ আদেশ দিব?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক