ছূৰা 3 · জুজ 3

Ali 'Imran · 3:79

مَا كَانَ لِبَشَرٍ أَنْ يُؤْتِيَهُ اللَّهُ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُوا عِبَادًا لِي مِنْ دُونِ اللَّهِ وَلَٰكِنْ كُونُوا رَبَّانِيِّينَ بِمَا كُنْتُمْ تُعَلِّمُونَ الْكِتَابَ وَبِمَا كُنْتُمْ تَدْرُسُونَ

কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নুবুওৱত দান কৰাৰ পিছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰেই দাস হৈ যোৱা’, বৰং তেওঁ ক’ব, ‘তোমালোকে ৰাব্বানী হৈ যোৱা, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা’।

তাফছীৰ

কোনো মানুহৰ বাবে উচিত নহয় যে, আল্লাহে তেওঁক অৱতীৰ্ণ পুথি প্ৰদান কৰাৰ পিছত, জ্ঞান বুদ্ধি দান কৰাৰ পিছত লগতে নবীৰ দৰে সন্মানিত পদ প্ৰদান কৰাৰ পিছত তেওঁ মানুহক ক'বঃ তোমালোকে আল্লাহক এৰি মোৰ উপাসনা কৰা। বৰং তেওঁ এইটোহে কবঃ তোমালোকে সত্কৰ্মকাৰী আলিম, মানুহক সদাচৰণৰ শিক্ষা প্ৰদানকাৰী আৰু সিহঁতৰ জীৱন সংশোধনকাৰী হৈ যোৱা। কাৰণ তোমালোকে আল্লাহৰ পুথিৰ শিক্ষা দিয়া তথা সেইটো পাঠ কৰি মুখস্থ কৰা আৰু বুজি পোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক