ছূৰা 3 · জুজ 3
Ali 'Imran · 3:69
وَدَّتْ طَائِفَةٌ مِنْ أَهْلِ الْكِتَابِ لَوْ يُضِلُّونَكُمْ وَمَا يُضِلُّونَ إِلَّا أَنْفُسَهُمْ وَمَا يَشْعُرُونَ
কিতাবীসকলৰ এটা দলে বিচাৰে যদি তোমালোকক সিহঁতে বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; আৰু সিহঁতে উপলব্ধি কৰিব পৰা নাই।
তাফছীৰ
হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতা বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক