ছূৰা 3 · জুজ 3
Ali 'Imran · 3:70
يَا أَهْلَ الْكِتَابِ لِمَ تَكْفُرُونَ بِآيَاتِ اللَّهِ وَأَنْتُمْ تَشْهَدُونَ
হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰা?
তাফছীৰ
হে পুথি প্ৰাপ্ত ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা সেইবোৰ আয়াতক কিয় অস্বীকাৰ কৰা, যিবোৰ আয়াতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ সংকেত আছে, অথচ তোমালোক সাক্ষী যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত সত্য, ইয়াৰ বৰ্ণনা তোমালোকৰ পুথিতো উল্লেখ আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক