ছূৰা 3 · জুজ 3
Ali 'Imran · 3:68
إِنَّ أَوْلَى النَّاسِ بِإِبْرَاهِيمَ لَلَّذِينَ اتَّبَعُوهُ وَهَٰذَا النَّبِيُّ وَالَّذِينَ آمَنُوا ۗ وَاللَّهُ وَلِيُّ الْمُؤْمِنِينَ
নিশ্চয় মানুহৰ মাজত তেওঁলোকেই ইব্ৰাহীমৰ ঘনিষ্ঠতম যিসকলে তেওঁৰ অনুসৰণ কৰিছে লগতে এই নবী আৰু যিসকলে ঈমান আনিছে; আৰু আল্লাহেই মুমিনসকলৰ অভিভাৱক।
তাফছীৰ
ইব্ৰাহীমৰ লগত সম্পৰ্ক স্থাপনৰ আটাইতকৈ বেছি হকদাৰ তেওঁলোকৰ, যিসকলে তেওঁৰ যুগত তেওঁক অনুসৰণ কৰিছিল। এইদৰে তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ অধিক হকদাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ অনুসাৰীসকলৰ। নিশ্চয় আল্লাহ মুমিনসকলৰ সহায়ক আৰু সংৰক্ষক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক