ছূৰা 3 · জুজ 3

Ali 'Imran · 3:51

إِنَّ اللَّهَ رَبِّي وَرَبُّكُمْ فَاعْبُدُوهُ ۗ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ

‘নিশ্চয় আল্লাহ মোৰ ৰব আৰু তোমালোকৰো ৰব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই সৰল পথ’।

তাফছীৰ

কাৰণ আল্লাহেই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। কেৱল তেৱেঁই একমাত্ৰ যোগ্য, যাৰ তাক্বৱা অৱলম্বন কৰিব লাগে আৰু যাৰ আদেশ পালন কৰিব লাগে। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। আৰু এয়া মই যে তোমালোকক আল্লাহৰ ইবাদত আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ আদেশ দিলো, এইটোৱেই আচ-চিৰাত আল-মুস্তাকীম (পোন পথ), যিটোত কোনো বক্ৰতা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক