ছূৰা 3 · জুজ 3
Ali 'Imran · 3:52
۞ فَلَمَّا أَحَسَّ عِيسَىٰ مِنْهُمُ الْكُفْرَ قَالَ مَنْ أَنْصَارِي إِلَى اللَّهِ ۖ قَالَ الْحَوَارِيُّونَ نَحْنُ أَنْصَارُ اللَّهِ آمَنَّا بِاللَّهِ وَاشْهَدْ بِأَنَّا مُسْلِمُونَ
তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।
তাফছীৰ
যেতিয়া ঈছা আলাইহিছ ছালামে অনুভৱ কৰিলে যে, সিহঁতে কুফৰৰ প্ৰতি ঘাইকৈ লিপ্ত হৈছে, তেতিয়া তেওঁ বনী ইছৰাঈলক সম্বোধন কৰি কলেঃ আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত কোনে মোক সহায় কৰিবা। তেওঁৰ কেইজনমান অনুসাৰীয়ে ক'লেঃ আমি আল্লাহৰ দ্বীনৰ সহায়ক। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপোনাক অনুসৰণ কৰিছো। আৰু হে ঈছা! আপুনি সাক্ষী থাকক যে, আমি একমাত্ৰ আল্লাহৰ আদেশ পালনকাৰী আৰু তেওঁৰ আনুগত্যকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক