ছূৰা 3 · জুজ 3
Ali 'Imran · 3:50
وَمُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَلِأُحِلَّ لَكُمْ بَعْضَ الَّذِي حُرِّمَ عَلَيْكُمْ ۚ وَجِئْتُكُمْ بِآيَةٍ مِنْ رَبِّكُمْ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘আৰু মোৰ সন্মুখত তাওৰাতৰ যি (শিক্ষা) আছে তাৰ সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যি হাৰাম আছিল তাৰে কিছুমান হালাল কৰাৰ বাবে আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।
তাফছীৰ
॥এইদৰে মই মোৰ পূৰ্বে অৱতীৰ্ণ পুথি তাওৰাতৰ সমৰ্থন কৰিবলৈ তোমালোকৰ ওচৰত আহিছো। লগতে মই তোমালোকৰ ওচৰত এই কাৰণেও আহিছো যাতে তোমালোকৰ বাবে সহজ আৰু তোমালোকৰ সুবিধাৰ বাবে এনে কিছুমান বস্তু বৈধ কৰিম যিটো পূৰ্বে অবৈধ আছিল। লগতে মই মোৰ কথাৰ সত্যতাৰ বাবে স্পষ্ট প্ৰমাণ লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লগতে মই তোমালোকক যি বিষয়ৰ ফালে আহ্বান কৰি আছো সেইটো তোমালোকে মানি লোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক