ছূৰা 3 · জুজ 3

Ali 'Imran · 3:49

وَرَسُولًا إِلَىٰ بَنِي إِسْرَائِيلَ أَنِّي قَدْ جِئْتُكُمْ بِآيَةٍ مِنْ رَبِّكُمْ ۖ أَنِّي أَخْلُقُ لَكُمْ مِنَ الطِّينِ كَهَيْئَةِ الطَّيْرِ فَأَنْفُخُ فِيهِ فَيَكُونُ طَيْرًا بِإِذْنِ اللَّهِ ۖ وَأُبْرِئُ الْأَكْمَهَ وَالْأَبْرَصَ وَأُحْيِي الْمَوْتَىٰ بِإِذْنِ اللَّهِ ۖ وَأُنَبِّئُكُمْ بِمَا تَأْكُلُونَ وَمَا تَدَّخِرُونَ فِي بُيُوتِكُمْ ۚ إِنَّ فِي ذَٰلِكَ لَآيَةً لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ

আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুলস্বৰূপে (প্ৰেৰণ কৰিব, তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃতক জীৱিত কৰিম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।

তাফছীৰ

এইদৰে আল্লাহে তেওঁক বনী ইছৰাঈললৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিব। আৰু তেওঁ সিহঁতক ক'বঃ মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। মই তোমালোকৰ ওচৰত এনেকুৱা নিদৰ্শন লৈ আহিছো যিবোৰে মোৰ নবুওৱতৰ সত্যতাৰ প্ৰমাণ দিব। আৰু সেয়া হৈছেঃ মই মাটিৰে এটা চৰাইৰ দৰে বনাম তাৰ পিছত তাত ফুঁ দিম আৰু সেইটো আল্লাহৰ অনুমতিত জীৱিত চৰাই হৈ যাব। আৰু মই জন্মান্ধ ব্যক্তিক ঠিক কৰি দিম ফলত সি দেখিবলৈ পাব। আৰু কুষ্ঠ ৰোগীক এনেকৈ ঠিক কৰিম যে, সি সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব। লগতে মই মৃত ব্যক্তিকো জীৱিত কৰিম। আৰু এই সকলোবোৰ আল্লাহৰ আদেশত হব। লগতে মই তোমালোকক সেই বিষয়েও জনাই দিম, তোমালোকে যি খোৱা আৰু ঘৰত যি সঞ্চয় কৰা আৰু যিবোৰ তোমালোকে গোপন কৰি থোৱা। দৰাচলতে এই ডাঙৰ ডাঙৰ বিষয়সমূহ, যিবোৰৰ বিষয়ে মই তোমালোকক সংবাদ দিম সেয়া কোনো মানুহৰ পক্ষে জনোৱা সম্ভৱ নহয়, সেয়ে এইটো স্পষ্ট প্ৰমাণ যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদিহে তোমালোকে ঈমান পোষণ কৰিব বিচৰা আৰু প্ৰমাণসমূহক সত্য বুলি স্বীকাৰ কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক