ছূৰা 3 · জুজ 3

Ali 'Imran · 3:45

إِذْ قَالَتِ الْمَلَائِكَةُ يَا مَرْيَمُ إِنَّ اللَّهَ يُبَشِّرُكِ بِكَلِمَةٍ مِنْهُ اسْمُهُ الْمَسِيحُ عِيسَى ابْنُ مَرْيَمَ وَجِيهًا فِي الدُّنْيَا وَالْآخِرَةِ وَمِنَ الْمُقَرَّبِينَ

স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ সুসংবাদ দিছে। যাৰ নাম মছীহ, মাৰইয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।

তাফছীৰ

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে কৈছিলঃ হে মাৰইয়াম! আল্লাহে তোমালৈ এজন সুসন্তানৰ সংবাদ প্ৰেৰণ কৰিছে, যাৰ জন্ম পিতৃ নোহোৱাকৈ হব। তেওঁৰ জন্ম আল্লাহৰ এটা শব্দ দ্বাৰা হব, আল্লাহে ক'ব “কূন” (হোৱা), ফলত আল্লাহৰ আদেশত পুত্ৰ সন্তান জন্ম লাভ কৰিব। তেওঁৰ নাম হব মছীহ ঈছা ইবনে মৰিয়ম। তেওঁ পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিব লগতে তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ অন্তৰ্ভুক্ত হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক