ছূৰা 3 · জুজ 3
Ali 'Imran · 3:44
ذَٰلِكَ مِنْ أَنْبَاءِ الْغَيْبِ نُوحِيهِ إِلَيْكَ ۚ وَمَا كُنْتَ لَدَيْهِمْ إِذْ يُلْقُونَ أَقْلَامَهُمْ أَيُّهُمْ يَكْفُلُ مَرْيَمَ وَمَا كُنْتَ لَدَيْهِمْ إِذْ يَخْتَصِمُونَ
এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভূক্ত, যিটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো; আৰু মাৰইয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহন কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।
তাফছীৰ
জাকাৰিয়্যা আৰু মাৰইয়াম আলাইহিমাছ ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰ অন্তৰ্ভুক্ত, যিটো আমি -হে ৰাছুল- আপোনাৰ প্ৰতি অহী কৰিছো। আপুনি সেই ধৰ্মগুৰু আৰু নেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে পৰস্পৰে এই কথাত বাদানুবাদ কৰি আছিল যে, মাৰইয়ামৰ লালন-পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গল যে, সিহঁত এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে। ফলত জাকাৰিয়্যা আলাইহিছ ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক