ছূৰা 3 · জুজ 3
Ali 'Imran · 3:42
وَإِذْ قَالَتِ الْمَلَائِكَةُ يَا مَرْيَمُ إِنَّ اللَّهَ اصْطَفَاكِ وَطَهَّرَكِ وَاصْطَفَاكِ عَلَىٰ نِسَاءِ الْعَالَمِينَ
আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে আৰু বিশ্বজগতৰ নাৰীসকলৰ ওপৰত আপোনাক মনোনীত কৰিছে’।
তাফছীৰ
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে মাৰইয়াম আলাইহিছ ছালামক কৈছিলঃ আল্লাহে তোমাক তোমাৰ উত্কৃষ্ট বৈশিষ্ট্যৰ ফলত নিৰ্বাচন কৰিছে। তোমাক বিভিন্ন ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছে আৰু তোমাৰ যুগৰ সকলো নাৰীৰ মাজৰ পৰা তোমাক নিৰ্বাচিত কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক