ছূৰা 3 · জুজ 3
Ali 'Imran · 3:41
قَالَ رَبِّ اجْعَلْ لِي آيَةً ۖ قَالَ آيَتُكَ أَلَّا تُكَلِّمَ النَّاسَ ثَلَاثَةَ أَيَّامٍ إِلَّا رَمْزًا ۗ وَاذْكُرْ رَبَّكَ كَثِيرًا وَسَبِّحْ بِالْعَشِيِّ وَالْإِبْكَارِ
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটো যে, তিনি দিন লৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।
তাফছীৰ
জাকাৰিয়্যাই কলেঃ হে মোৰ প্ৰতিপালক! মোৰ দ্বাৰা মোৰ পত্নী গৰ্ভৱতী হোৱাৰ বিষয়ে এটা সংকেত দিয়া মোক। আল্লাহে কলেঃ তুমি যিটো সংকেত বিচাৰি আছা, সেয়া হৈছে এই যে, তুমি তিনিদিন আৰু তিনি ৰাতি মানুহৰ লগত কথা কব নোৱাৰিবা, কেৱল ইঙ্গিতেৰে কথা কব পাৰিবা। আৰু এই অৱস্থা কোনো বেমাৰৰ কাৰণেও নহব। এতেকে তুমি পূৱা-গধূলি বেছি বেছি আল্লাহৰ তাছবীহ পাঠ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক