ছূৰা 3 · জুজ 3
Ali 'Imran · 3:21
إِنَّ الَّذِينَ يَكْفُرُونَ بِآيَاتِ اللَّهِ وَيَقْتُلُونَ النَّبِيِّينَ بِغَيْرِ حَقٍّ وَيَقْتُلُونَ الَّذِينَ يَأْمُرُونَ بِالْقِسْطِ مِنَ النَّاسِ فَبَشِّرْهُمْ بِعَذَابٍ أَلِيمٍ
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।
তাফছীৰ
যিসকলে আল্লাহে অৱতীৰ্ণ কৰা প্ৰমাণসমূহ অস্বীকাৰ কৰে আৰু নবীসকলৰ প্ৰতি অত্যাচাৰ, শত্ৰুতা, বিদ্বেষ পোষণ কৰি অন্যায়ভাৱে হত্যা কৰে আৰু সেইসকল লোকক হত্যা কৰে যিসকলে ন্যায়ৰ আদেশ দিয়ে অৰ্থাৎ যিসকলে সত্কৰ্মৰ আদেশ দিয়ে আৰু অসত্কৰ্মৰ পৰা মানুহক নিষেধ কৰে। এনেকুৱা হত্যাকাৰী কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক