ছূৰা 3 · জুজ 3

Ali 'Imran · 3:20

فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ ۗ وَاللَّهُ بَصِيرٌ بِالْعِبَادِ

  এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।

তাফছীৰ

হে ৰাছুল! সিহঁতে যদি আপোনাৰ লগত সেই সত্য সম্পৰ্কে বিতৰ্ক কৰে যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মই তথা মোৰ অনুসাৰী মুমিনসকল আল্লাহৰ অনুগত। আৰু হে ৰাছুল! ঐশী পুথি প্ৰাপ্তসকলক আৰু মুশ্বৰিকসকলক সোধক! তোমালোকে একনিষ্ঠতাৰে আল্লাহৰ আনুগত্য কৰিবানে আৰু মই যি লৈ আহিছো তাৰ অনুসৰণ কৰিবানে? যদি সিহঁতে আল্লাহৰ আনুগত্যকাৰী হৈ যায় আৰু আপোনাৰ চৰীয়ত মতে আমল কৰে তেন্তে সিহঁত সঠিক পথ প্ৰাপ্ত। আনহাতে যদি সিহঁতে ইছলামৰ পৰা মুখ ঘূৰাই লয় তেন্তে আপোনাৰ কৰ্তব্য কেৱল আপোনাৰ কথা সিহঁতক জনাই দিয়া। আৰু সিহঁতৰ বিষয়টো আল্লাহৰ অধীনত। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱগত। আৰু তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ ফলাফল দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক