ছূৰা 3 · জুজ 4
Ali 'Imran · 3:198
لَٰكِنِ الَّذِينَ اتَّقَوْا رَبَّهُمْ لَهُمْ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا نُزُلًا مِنْ عِنْدِ اللَّهِ ۗ وَمَا عِنْدَ اللَّهِ خَيْرٌ لِلْأَبْرَارِ
কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।
তাফছীৰ
কিন্তু যিসকলে আল্লাহৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, য’ত তেওঁলোক চিৰস্থায়ী হব। এয়া আল্লাহে প্ৰস্তুত কৰা প্ৰতিদান। আল্লাহে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে যি প্ৰস্তুত কৰিছে সেয়া পৃথিৱীৰ সেই সূখতকৈ অধিকগুণ উত্তম, যি সূখ কাফিৰসকলে উপভোগ কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক