ছূৰা 3 · জুজ 4

Ali 'Imran · 3:199

وَإِنَّ مِنْ أَهْلِ الْكِتَابِ لَمَنْ يُؤْمِنُ بِاللَّهِ وَمَا أُنْزِلَ إِلَيْكُمْ وَمَا أُنْزِلَ إِلَيْهِمْ خَاشِعِينَ لِلَّهِ لَا يَشْتَرُونَ بِآيَاتِ اللَّهِ ثَمَنًا قَلِيلًا ۗ أُولَٰئِكَ لَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ ۗ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ

আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

তাফছীৰ

সকলো আহলে কিতাব একে নহয়। তেওঁলোকৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তোমালোকৰ ওপৰত অৱতীৰ্ণ হিদায়ত আৰু সত্যৰ প্ৰতি ঈমান পোষণ কৰে তথা সেই সত্যৰ প্ৰতিও ঈমান পোষণ কৰে যিটো তেওঁলোকৰ পুথিত অৱতীৰ্ণ কৰা হৈছিল। তেওঁলোকে আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে। তেওঁলোকে আল্লাহৰ সন্মুখত তেওঁৰ প্ৰতিদানৰ আশাত শিৰ নত কৰি আছে আৰু আত্মসমৰ্পণ কৰিছে। তেওঁলোকে আল্লাহৰ আয়াতৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ নকৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত বৰ ডাঙৰ প্ৰতিদান আছে। নিশ্চয় আল্লাহে কৰ্মৰ অতি দ্ৰুত হিচাপ গ্ৰহণ কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক