ছূৰা 3 · জুজ 4
Ali 'Imran · 3:191
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
তাফছীৰ
এইসকল লোকেই থিয় হৈ, বহি আৰু শুই থাকিও আল্লাহক স্মৰণ কৰে তথা আকাশ আৰু পৃথিৱীৰ সৃষ্টিত চিন্তা-গৱেষণা কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি ইমান ডাঙৰ সৃষ্টি এনেই সৃষ্টি কৰা নাই। নিশ্চয় তুমি উদ্দেশ্যহীন কৰ্মৰ পৰা পৱিত্ৰ। তুমি আমাক সত্কৰ্মৰ তাওফীক প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখি, জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক