ছূৰা 3 · জুজ 4
In the creation of the heavens · Ali 'Imran 3:190
إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ لَآيَاتٍ لِأُولِي الْأَلْبَابِ
নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত লগতে ৰাতি আৰু দিনৰ বিবৰ্তনৰ মাজত বিবেক সম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।
তাফছীৰ
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো পূৰ্বৱৰ্তী উদাহৰণবিহীন সৃষ্টিত তথা দিন-ৰাতিৰ আৱৰ্তনত আৰু দিন-ৰাতিৰ দীঘল চুটি হোৱাত, সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন আছে যিসকল সুস্থ বিবেকৰ অধিকাৰী। এইবোৰ নিদৰ্শনে পৃথিৱীৰ সেই সৃষ্টিকৰ্তাৰ সংকেত দিয়ে, যিজন একমাত্ৰ ইবাদতৰ অধিকাৰী সত্ত্বা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক