ছূৰা 3 · জুজ 4

Ali 'Imran · 3:181

لَقَدْ سَمِعَ اللَّهُ قَوْلَ الَّذِينَ قَالُوا إِنَّ اللَّهَ فَقِيرٌ وَنَحْنُ أَغْنِيَاءُ ۘ سَنَكْتُبُ مَا قَالُوا وَقَتْلَهُمُ الْأَنْبِيَاءَ بِغَيْرِ حَقٍّ وَنَقُولُ ذُوقُوا عَذَابَ الْحَرِيقِ

নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমি অভাৱমুক্ত’। অৱশ্যই আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।

তাফছীৰ

আল্লাহে ইয়াহুদীসকলৰ এই ককৰ্থন শুনিছে, সিহঁতে কৈছেঃ নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত, কিয়নো তেওঁ আমাৰ পৰা ঋণ বিচাৰে। আৰু আমি ঐশৰ্যশীল, কিয়নো আমাৰ ওচৰত ধন আছে। অৱশ্যে আমি লিখি ৰাখিম নিজ প্ৰতিপালকৰ প্ৰতি আৰোপ কৰা সিহঁতৰ এই অপবাদ, লগতে অন্যায় ভাৱে ৰাছুলসকলক হত্যা কৰা অপৰাধো লিপিবদ্ধ কৰিম। আৰু আমি সিহঁতক কমঃ অগ্নিদগ্ধ হৈ জাহান্নামৰ শাস্তি ভোগ কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক