ছূৰা 3 · জুজ 4

Ali 'Imran · 3:180

وَلَا يَحْسَبَنَّ الَّذِينَ يَبْخَلُونَ بِمَا آتَاهُمُ اللَّهُ مِنْ فَضْلِهِ هُوَ خَيْرًا لَهُمْ ۖ بَلْ هُوَ شَرٌّ لَهُمْ ۖ سَيُطَوَّقُونَ مَا بَخِلُوا بِهِ يَوْمَ الْقِيَامَةِ ۗ وَلِلَّهِ مِيرَاثُ السَّمَاوَاتِ وَالْأَرْضِ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে সেয়া লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এয়া কল্যাণকৰ। বৰং এয়া সিহঁতৰ বাবে অমঙ্গল। যিটোলৈ সিহঁতে কৃপণতা কৰিছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ সত্ত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

তাফছীৰ

আল্লাহে প্ৰদান কৰা নিয়ামতক ব্যয় কৰিবলৈ যিসকলে কৃপণালী কৰে, সিহঁতে ইয়াক আল্লাহৰ কৃপা বুলি ভাবি, আল্লাহৰ অধিকাৰ খৰ্ব কৰিব নালাগে। সিহঁতে ইয়াক নিজৰ বাবে কল্যাণ বুলি ভৱাটো ঠিক নহয়, বৰং এয়া সিহঁতৰ বাবে অকল্যাণহে। কিয়নো সিহঁতে যি বিষয়ত কৃপণালী কৰি আছে, সেয়া অনতিপলমে সিহঁতৰ ডিঙিৰ হাৰ হব, যিটো কিয়ামতৰ দিনা শাস্তি স্বৰূপে সিহঁতৰ ডিঙিত ওলমি থাকিব। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব। সকলো সৃষ্টি ধ্বংস হোৱাৰ পিছত কেৱল তেৱেঁই জীৱিত থাকিব। নিশ্চয় আল্লাহ তোমালোকৰ সৰু সৰু কৰ্ম সম্পৰ্কেও অৱগত। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক