ছূৰা 3 · জুজ 4
Ali 'Imran · 3:176
وَلَا يَحْزُنْكَ الَّذِينَ يُسَارِعُونَ فِي الْكُفْرِ ۚ إِنَّهُمْ لَنْ يَضُرُّوا اللَّهَ شَيْئًا ۗ يُرِيدُ اللَّهُ أَلَّا يَجْعَلَ لَهُمْ حَظًّا فِي الْآخِرَةِ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ
যিসকলে কুফৰীত দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।
তাফছীৰ
হে ৰাছুল! মুনাফিকসকলৰ মাজৰ যিসকলে পিছমুৱা হৈ কুফৰৰ পিনে অতি দ্ৰুত গতিত পলায়ন কৰি আছে, সিহঁতৰ বিষয়ে আপুনি দুখ নকৰিব। কিয়নো সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা দুৰ হৈ সিহঁতে নিজৰেই ক্ষতি সাধন কৰি আছে। আল্লাহে সিহঁতক এই কাৰণে এৰি দিছে আৰু তাওফীক দিয়া নাই, যাতে সিহঁতক আখিৰাতত নিয়ামতৰ পৰা বঞ্চিত কৰে। আৰু সিহঁতৰ বাবে জাহান্নামত আছে অতি কঠিন শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক