ছূৰা 3 · জুজ 4

Ali 'Imran · 3:175

إِنَّمَا ذَٰلِكُمُ الشَّيْطَانُ يُخَوِّفُ أَوْلِيَاءَهُ فَلَا تَخَافُوهُمْ وَخَافُونِ إِنْ كُنْتُمْ مُؤْمِنِينَ

সি এজন চয়তান। সি তোমালোকক তাৰ বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।

তাফছীৰ

তোমালোকক ভয় দেখুৱাজন হৈছে চয়তান। সি নিজৰ সহযোগী আৰু এজেন্টসকলৰ দ্বাৰা তোমালোকক ভীত-সন্ত্ৰস্ত কৰিবলৈ প্ৰয়াস কৰে। এতেকে তোমালোকে সিহঁতৰ সন্মুখত দুৰ্বলতা নেদেখুৱাবা। কিয়নো সিহঁতৰ ওচৰত কোনো শক্তি নাই। এতেকে আল্লাহৰ আনুগত্য কৰি কেৱল তেওঁকেই ভয় কৰা। যদিহে তোমালোক প্ৰকৃত মুমিন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক