ছূৰা 3 · জুজ 4

Ali 'Imran · 3:174

فَانْقَلَبُوا بِنِعْمَةٍ مِنَ اللَّهِ وَفَضْلٍ لَمْ يَمْسَسْهُمْ سُوءٌ وَاتَّبَعُوا رِضْوَانَ اللَّهِ ۗ وَاللَّهُ ذُو فَضْلٍ عَظِيمٍ

তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; আৰু আল্লাহ মহা অনুগ্ৰহশীল।

তাফছীৰ

হামৰাউল আছাদলৈ তেওঁলোক ওলোৱাৰ পিছত, তেওঁলোকে আল্লাহৰ তৰফৰ পৰা বহুত ডাঙৰ প্ৰতিফল লৈ উভতিছিল। তেওঁলোকৰ মৰ্যদা বৃদ্ধি পাইছিল লগতে শত্ৰুসকলৰ পৰা সুৰক্ষিতও হৈছিল, ফলত তেওঁলোক শ্বহীদ হোৱাও নাছিল আৰু আঘাত প্ৰাপ্তও হোৱা নাছিল। তেওঁলোকে এনেকুৱা কথাৰ অনুসৰণ কৰিছিল যিটো আল্লাহে পছন্দ কৰে। যেনে- তেওঁৰ আনুগত্যত অটল থকা লগতে তেওঁৰ অবজ্ঞাৰ পৰা আঁতৰত থকা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক