ছূৰা 3 · জুজ 4

Hasbunallahu wa ni'mal wakeel · Ali 'Imran 3:173

الَّذِينَ قَالَ لَهُمُ النَّاسُ إِنَّ النَّاسَ قَدْ جَمَعُوا لَكُمْ فَاخْشَوْهُمْ فَزَادَهُمْ إِيمَانًا وَقَالُوا حَسْبُنَا اللَّهُ وَنِعْمَ الْوَكِيلُ

এওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু বৃদ্ধিহে কৰিলে আৰু তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ যে কিমান উত্তম কৰ্মবিধায়ক’!

তাফছীৰ

এওঁলোককেই কিছুমান মুশ্বৰিকে কৈছিলঃ কুৰাইছসকলে আবু ছুফিয়ানৰ নেতৃত্বত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আৰু তোমালোকক নিঃশেষ কৰিবলৈ এটা বৃহত সৈন্যবাহিনী প্ৰস্তুত কৰিছে। গতিকে সিহঁতক ভয় কৰা আৰু সিহঁতৰ মুখামুখী হবলৈ বিৰত থাকা। কিন্তু সিহঁতৰ এই কথা আৰু ভয় দেখুৱাৰ ফলত আল্লাহৰ প্ৰতি তেওঁলোকৰ ভৰসা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি পালে। তেওঁলোকে এই কথা কৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই পৰিল যে, আমাৰ বাবে আল্লাহেই যথেষ্ট। তেওঁ অতি উত্কৃষ্ট যাক আমি আমাৰ সকলো বিষয় অৰ্পন কৰো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক