ছূৰা 3 · জুজ 4

Ali 'Imran · 3:172

الَّذِينَ اسْتَجَابُوا لِلَّهِ وَالرَّسُولِ مِنْ بَعْدِ مَا أَصَابَهُمُ الْقَرْحُ ۚ لِلَّذِينَ أَحْسَنُوا مِنْهُمْ وَاتَّقَوْا أَجْرٌ عَظِيمٌ

যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজত যিসকলে সৎকাম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে মহাপুৰষ্কাৰ আছে।

তাফছীৰ

উহুদৰ যুদ্ধত মুছলিমসকল আঘাতপ্ৰাপ্ত হোৱাৰ পিছত, যেতিয়া তেওঁলোকক হামৰাউল আছাদৰ যুদ্ধত মুশ্বৰিকসকলৰ লগত মুকাবালা কৰিবলৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হল, সেই সময়ত যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বান স্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ আঘাতে তেওঁলোকক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানিবলৈ বাধা দিয়া নাছিল। তেওঁলোকৰ মাজৰ যিসকলে সত্কৰ্ম কৰিছে তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক