ছূৰা 3 · জুজ 4

Ali 'Imran · 3:165

أَوَلَمَّا أَصَابَتْكُمْ مُصِيبَةٌ قَدْ أَصَبْتُمْ مِثْلَيْهَا قُلْتُمْ أَنَّىٰ هَٰذَا ۖ قُلْ هُوَ مِنْ عِنْدِ أَنْفُسِكُمْ ۗ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিলে (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে ক’ব ধৰিলা, ‘এইটো কৰ পৰা আহিল’? অথচ তোমালোকে দ্বিগুণ বিপদ ঘটিয়াইছিলা (বদৰৰ যুদ্ধত)। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

তাফছীৰ

(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজ শত্ৰুসকলক দ্বিগুণ অধিক হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰত ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু যাক ইচ্ছা কৰে অপমাণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক