ছূৰা 3 · জুজ 4
Ali 'Imran · 3:164
لَقَدْ مَنَّ اللَّهُ عَلَى الْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِنْ أَنْفُسِهِمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।
তাফছীৰ
আল্লাহে মুমিনসকলৰ উপকাৰ কৰিছে আৰু তেওঁলোকক ডাঙৰ নিয়ামত প্ৰদান কৰিছে যে, তেওঁ তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। যিয়ে তেওঁলোকৰ সন্মুখত কোৰআন তিলাৱত কৰে আৰু তেওঁলোকক শ্বিৰ্ক আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰে। তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰে। অথচ তেওঁলোক এই ৰাছুল প্ৰেৰিত হোৱাৰ পূৰ্বে হিদায়তৰ পৰা বহু আঁতৰত আৰু স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক