ছূৰা 3 · জুজ 4

Ali 'Imran · 3:166

وَمَا أَصَابَكُمْ يَوْمَ الْتَقَى الْجَمْعَانِ فَبِإِذْنِ اللَّهِ وَلِيَعْلَمَ الْمُؤْمِنِينَ

আৰু যিদিনা দুই দলে পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; আৰু যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।

তাফছীৰ

আৰু উহুদৰ দিনা, যেতিয়া তোমালোকৰ দল আৰু মুশ্বৰিকসকলৰ দল মুখামুখী হৈছিল। সেইদিনা তোমালোকে যি পৰাজয় বৰণ কৰিছিলা আৰু যি আঘাত প্ৰাপ্ত হৈছিলা আৰু শ্বাহাদত বৰণ কৰিছিলা, সেই সকলো আল্লাহৰ অনুমতি আৰু তেওঁৰ ফয়চালা অনুসাৰে আছিল। ইয়াৰ মাজত এটা ডাঙৰ হিকমত এই আছিল যে, ইয়াৰ ফলত সত্যবাদী মুমিনসকল স্পষ্টৰূপে প্ৰকট হৈছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক