ছূৰা 3 · জুজ 4
Ali 'Imran · 3:161
وَمَا كَانَ لِنَبِيٍّ أَنْ يَغُلَّ ۚ وَمَنْ يَغْلُلْ يَأْتِ بِمَا غَلَّ يَوْمَ الْقِيَامَةِ ۚ ثُمَّ تُوَفَّىٰ كُلُّ نَفْسٍ مَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, সি অন্যায়ভাৱে গোপন কৰা বস্তু কিয়ামতৰ দিনা লগত লৈ আহিব। তাৰ পিছত প্ৰত্যেককে সি যি উপাৰ্জন কৰিছে সেয়া পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
তাফছীৰ
আল্লাহে নবীৰ বাবে যি নিৰ্ধাৰিত কৰিছে তাতকৈ অতিৰিক্ত গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰা কোনো নবীৰ বাবে সম্ভৱ নহয়। আৰু তোমালোকৰ মাজৰ যিয়ে গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰিব, তাৰ শাস্তি এই যে, সি কিয়ামতৰ দিনা অপমাণিত হব। এতেকে সি সকলোৰে সন্মুখত সেই সম্পদ বহন কৰি আনিব। তাৰ পিছত প্ৰত্যেককে নিজ নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব। কাকো তাৰ পাপ বৃদ্ধি কৰি অন্যায় কৰা নহব আৰু কাকো তাৰ নেকি হ্ৰাস কৰি অত্যাচাৰ কৰা নহ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক