ছূৰা 3 · জুজ 4
Ali 'Imran · 3:160
إِنْ يَنْصُرْكُمُ اللَّهُ فَلَا غَالِبَ لَكُمْ ۖ وَإِنْ يَخْذُلْكُمْ فَمَنْ ذَا الَّذِي يَنْصُرُكُمْ مِنْ بَعْدِهِ ۗ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُؤْمِنُونَ
আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত জয়ী হ’বলৈ কোনো নাই; আৰু তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা উচিত।
তাফছীৰ
যদি আল্লাহে নিজ সহায়েৰে তোমালোকক সমৰ্থন কৰে, তেন্তে কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে, যদিও পৃথিৱীবাসী তোমালোকৰ বিৰুদ্ধে একত্ৰিত নহওঁক কিয়। আৰু যদি তেওঁ তোমালোকক সহায় কৰা এৰি দিয়ে আৰু তোমালোকক তোমালোকৰ ওপৰত এৰি দিয়ে তেন্তে ইয়াৰ পিছত কোনেও তোমালোকক সহায় কৰিব নোৱাৰিব। সহায় কেৱল একমাত্ৰ তেওঁৰ হাতত। সেয়ে মুমিনসকলে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত, আন কাৰো ওপৰত নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক