ছূৰা 3 · জুজ 4
By mercy from Allah · Ali 'Imran 3:159
فَبِمَا رَحْمَةٍ مِنَ اللَّهِ لِنْتَ لَهُمْ ۖ وَلَوْ كُنْتَ فَظًّا غَلِيظَ الْقَلْبِ لَانْفَضُّوا مِنْ حَوْلِكَ ۖ فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِي الْأَمْرِ ۖ فَإِذَا عَزَمْتَ فَتَوَكَّلْ عَلَى اللَّهِ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَوَكِّلِينَ
এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহ (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।
তাফছীৰ
হে নবী আপোনাৰ প্ৰতি আল্লাহৰ ডাঙৰ এটা কৃপা এই যে, আপুনি আপোনাৰ সঙ্গীসকলৰ লগত বিনম্ৰ ব্যৱহাৰ কৰে। যদি আপুনি নিজৰ কথা আৰু কৰ্মত কঠোৰ তথা নিষ্ঠুৰ হলেহেঁতেন তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি গলেহেঁতেন। এতেকে আপুনি সিহঁতৰ ভুলবোৰ ক্ষমা কৰি দিয়ক আৰু সিহঁতৰ ক্ষমা প্ৰাৰ্থনা কৰক। আৰু যিবোৰ বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হয়, সেইবোৰ বিষয়ত সিহঁতৰ পৰামৰ্শ লওঁক। আৰু পৰামৰ্শ লোৱাৰ পিছত যেতিয়া কোনো কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তেতিয়া সেইটো কৰি পেলাওক। লগতে আল্লাহৰ প্ৰতি ভৰসা কৰক। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকক তাওফীক দিয়ে আৰু তেওঁলোকক সমৰ্থন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক