ছূৰা 3 · জুজ 4

Ali 'Imran · 3:162

أَفَمَنِ اتَّبَعَ رِضْوَانَ اللَّهِ كَمَنْ بَاءَ بِسَخَطٍ مِنَ اللَّهِ وَمَأْوَاهُ جَهَنَّمُ ۚ وَبِئْسَ الْمَصِيرُ

যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, সি সেই ব্যক্তিৰ দৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!

তাফছীৰ

আল্লাহৰ দৃষ্টিত সেই ব্যক্তি যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কৰ্ম কৰে, যেনে- ঈমান আৰু সত্কৰ্মৰ পথ অৱলম্বন কৰে, তেওঁ সেই ব্যক্তিৰ সমান হব নোৱাৰে, যিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু অসত্কৰ্ম কৰে লগতে আল্লাহৰ কঠিন ক্ৰোধ লৈ উভতে আৰু যাৰ ঠিকনা হৈছে জাহান্নাম। আৰু এইটো অতি নিকৃষ্ট আৱাসস্থল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক