ছূৰা 3 · জুজ 4
Ali 'Imran · 3:146
وَكَأَيِّنْ مِنْ نَبِيٍّ قَاتَلَ مَعَهُ رِبِّيُّونَ كَثِيرٌ فَمَا وَهَنُوا لِمَا أَصَابَهُمْ فِي سَبِيلِ اللَّهِ وَمَا ضَعُفُوا وَمَا اسْتَكَانُوا ۗ وَاللَّهُ يُحِبُّ الصَّابِرِينَ
আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত) লোক যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোক মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱা নাছিল; আৰু আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়।
তাফছীৰ
আল্লাহৰ নবীসকলৰ মাজত এনেকুৱা বহুতো নবী আছে যিসকলৰ লগত মিলি তেওঁলোকৰ অনুসাৰীসকলৰ ডাঙৰ ডাঙৰ দলে যুদ্ধ কৰিছে। এতেকে তেওঁলোকে আল্লাহৰ পথত হোৱা হত্যা আৰু আঘাতক ভয় কৰি যুদ্ধত সাহস হেৰুৱা নাছিল আৰু শত্ৰুৰ লগত যুদ্ধ কৰাত দুৰ্বলো হোৱা নাছিল লগতে সিহঁতৰ সন্মুখত নতজানুও হোৱা নাছিল। বৰং তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু অটল আছিল। নিশ্চয় আল্লাহে তেওঁৰ পথৰ কঠিন অৱস্থাত ধৈৰ্য ধাৰণকাৰী সকলক পছন্দ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক