ছূৰা 3 · জুজ 4
Ali 'Imran · 3:145
وَمَا كَانَ لِنَفْسٍ أَنْ تَمُوتَ إِلَّا بِإِذْنِ اللَّهِ كِتَابًا مُؤَجَّلًا ۗ وَمَنْ يُرِدْ ثَوَابَ الدُّنْيَا نُؤْتِهِ مِنْهَا وَمَنْ يُرِدْ ثَوَابَ الْآخِرَةِ نُؤْتِهِ مِنْهَا ۚ وَسَنَجْزِي الشَّاكِرِينَ
আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰষ্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰো আৰু যিয়ে আখিৰাতৰ পুৰষ্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰো আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰষ্কৃত কৰিম।
তাফছীৰ
প্ৰত্যেক প্ৰাণী সেই সময়তে মৃত্যু বৰণ কৰে যেতিয়া আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰি দিয়া সময় সমাপ্ত হোৱাৰ পিছত তাৰ নিশ্চিত সময় আহি পৰে। সেই সময়তকৈ আগুৱাইয়ো যাব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। যিয়ে নিজৰ আমলৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ ফলাফল বিচাৰে, আমি তাক তাৰ ভাগ্যত লিখা অনুসাৰে প্ৰদান কৰো কিন্তু আখিৰাতত সি কোনো অংশ নাপাব। আনহাতে যিয়ে নিজৰ আমলৰ বিনিময়ত আখিৰাতৰ প্ৰতিদান বিচাৰে, আমি তাক তাৰ প্ৰতিদান প্ৰদান কৰিম। আৰু আমি অতিশীঘ্ৰে তেওঁলোকক মহাপ্ৰতিদান প্ৰদান কৰিম যিসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক