ছূৰা 3 · জুজ 4

Ali 'Imran · 3:144

وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ

আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰষ্কৃত কৰিব।

তাফছীৰ

আৰু মুহাম্মদো আল্লাহৰ অন্য ৰাছুলৰ দৰেই এজন ৰাছুল, যিসকল মৃত্যু বৰণ কৰিছে অথবা হত্যা কৰা হৈছে। যদি এওঁ মৃত্যুবৰণ কৰে অথবা তেওঁক হত্যা কৰা হয় তেন্তে তোমালোকে ইছলামৰ পৰা আঁতৰি যাবা নেকি, আৰু জিহাদ এৰি দিবা নেকি? শুনা! তোমালোকৰ মাজৰ যিয়ে দ্বীন ত্যাগ কৰিব, ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। কিয়নো তেওঁ মহান পৰাক্ৰমশালী। আৰু ধৰ্ম পৰিত্যাগকাৰী ব্যক্তিয়ে নিজৰেই ক্ষতি সাধন কৰিব, ফলত সি পৃথিৱী আৰু আখিৰাত উভয়তে ক্ষতিগ্ৰস্ত হব। আল্লাহে কৃতজ্ঞতা জ্ঞাপনকাৰী সকলক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখি আৰু তেওঁৰ পথত জিহাদ কৰাৰ তাওফীক প্ৰদান কৰি আটাইতকৈ উত্তম প্ৰতিদান দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক