ছূৰা 3 · জুজ 4

Ali 'Imran · 3:147

وَمَا كَانَ قَوْلَهُمْ إِلَّا أَنْ قَالُوا رَبَّنَا اغْفِرْ لَنَا ذُنُوبَنَا وَإِسْرَافَنَا فِي أَمْرِنَا وَثَبِّتْ أَقْدَامَنَا وَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ

এই কথাৰ বাহিৰে তেওঁলোকৰ আন কোনো কথা নাছিল, ‘হে আমাৰ ৰব! আমাৰ পাপ আৰু আমাৰ কৰ্মৰ সীমালংঘন তুমি ক্ষমা কৰা, আমাৰ ভৰি অবিচল ৰখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।

তাফছীৰ

যেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহিল তেতিয়া তেওঁলোকে কেৱল এই বাক্য কলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহক আৰু সীমালংঘন কাৰ্যক ক্ষমা কৰি দিয়া লগতে শত্ৰুৰ মুখামুখী হোৱাৰ সময়ত আমাক অটল ৰাখিবা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক