ছূৰা 3 · জুজ 4

Ali 'Imran · 3:122

إِذْ هَمَّتْ طَائِفَتَانِ مِنْكُمْ أَنْ تَفْشَلَا وَاللَّهُ وَلِيُّهُمَا ۗ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُؤْمِنُونَ

যেতিয়া তোমালোকৰ মাজৰ দুটা দলে হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল অথচ আল্লাহ উভয়ৰে অভিভাৱক, আৰু আল্লাহৰ ওপৰতেই যাতে মুমিনসকলে নিৰ্ভৰ কৰে।

তাফছীৰ

হে নবী! স্মৰণ কৰক সেই ঘটনা, যিটো সংঘটিত হৈছিল মুমিনসকলৰ দুটা দল বনী ছালিমা আৰু বনী হাৰিছাৰ মাজত, যেতিয়া সিহঁতে দুৰ্বল হৈ গল আৰু মুনাফিকসকলৰ লগত উভতি অহাৰ সিদ্ধান্ত ললে, অথচ আল্লাহে তেওঁলোকক যুদ্ধত দৃঢ়তা প্ৰদান কৰি তথা তেওঁলোকক তেওঁলোকৰ এই সিদ্ধান্তৰ পৰা আঁতৰাই তেওঁলোকক সহায় কৰিব। আৰু মুমিনসকলে নিজৰ সকলো পৰিস্থিতিতে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক