ছূৰা 3 · জুজ 4

Ali 'Imran · 3:121

وَإِذْ غَدَوْتَ مِنْ أَهْلِكَ تُبَوِّئُ الْمُؤْمِنِينَ مَقَاعِدَ لِلْقِتَالِ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ

আৰু স্মৰণ কৰা, যেতিয়া তুমি পোৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

তাফছীৰ

হে নবী! স্মৰণ কৰক, যেতিয়া আপুনি দিনৰ অগ্ৰভাগতে মদিনাৰ পৰা উহূদলৈ ৰাওনা হৈছিল মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ, য’ত আপুনি মুমিনসকলক যুদ্ধৰ বাবে সাজু কৰি আছিল, প্ৰত্যেককে আপুনি নিজৰ নিজৰ স্থান দেখুৱাই দিছিল। নিশ্চয় আল্লাহে আপোনালোকৰ কথা শ্ৰৱণ কৰে আৰু আপোনালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক